মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম বীজ নিগম লিমিটেড

বীজ উত্পাদন

সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জিলাত অসম বীজ লিমিটেডৰ ১২ খন পাম আছে। অসম বীজ নিগম লিমিটেডৰ অন্তৰ্গত পামকেইখন আৰম্ভ হোৱাৰ পৰাই মূল ভেঁটিৰ লগতে প্ৰমানিত বীজ উত্পাদন কৰিলে। মূল ভেঁটি আৰু স্বীকৃতিপ্ৰাপ্ত বীজৰ বাবে ভাৰত চৰকাৰ আৰু কৃষি বিভাগে(ভাৰত চৰকাৰ) উত্পাদিত বীজ আৱণ্টন কৰে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নিৰ্দেশক্ৰমে বিভিন্ন ধৰনৰ আঁচনি আনুযায়ী উত্পাদিত বীজসমূহ বিতৰন কৰা হয়। প্ৰধানকৈ তলৰ বীজবোৰ উত্পাদন কৰা হয়- ধান, সৰিয়হ, গোমধান, মৰাপাট, মাহ, তেলৰ বীজ। এই শস্যসমূহৰ উপৰিও ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিচৰা ধৰণে পামবিলাকে বিভিন্ন ধৰনৰ (অন্যান্য)বীজ শস্য উত্পাদন কৰে।