মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম বীজ নিগম লিমিটেড

ইতিহাস

  • অসম বীজ নিগম লিমিটেড স্থাপন কৰা হৈছিল ১৯৬৭ চনত একমাত্ৰ ৰাজ্যিক বীজ নিগম হিচাপে, অসমৰ কৃষি বিভাগৰ উন্নতিৰ বাবে সহৃদয়তা আৰু পদ্ধতিৰ জৰিয়তে সেয়া আগবঢ়াবৰ বাবে. সকলো কৃষক আৰু অন্যান্য গ্ৰাহকক নিকা মূল্যত সকলো ধৰণৰ উচ্চ মানদণ্ডৰ ভিন্নধৰ্মী বীজ প্ৰদান কৰাৰ এক ব্যতিক্ৰমী সেৱা ই আগবঢ়ায়। বিশেষভাৱে ই ভাৰত চৰকাৰ আৰু কৃষি বিভাগৰ বিভিন্ন ধৰণৰ আঁচনি অনুসৰি তথা বিচৰা দৰণে প্ৰদান কৰে আৰু প্ৰাকৃতিক দুৰ্যোগ, আকস্মিক দুৰ্ঘটনাৰ সময়তো প্ৰদান কৰে।

    অসম বীজ নিগম লিমিটেডে প্ৰজনক বীজৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বীজ উত্পাদন কৰে। প্ৰজনক বীজসমূহ উত্পাদন কৰা হয় ভাৰত চৰকাৰৰ অনুমতিসাপেক্ষে কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা। ইয়াৰ পাছত নিগমে দ্বিতীয়টো পদক্ষেপ আগবঢ়ায় নিজৰ পামত প্ৰামাণিক বীজ উত্পাদন কৰিবৰ বাবে।

    অসম বীজ নিগম লিমিটেডে অসমৰ কৃষকসকলৰ মাজত সফলতা আৰু অনুপ্ৰেৰণা যোগাবৰ বাবেও কাম কৰে। ইয়াৰ বাবে কৃষকসকলক এক্ট,১৯৬৬ অনুসৰি (বীজৰ প্ৰস্তুতি) আৰু অসম ৰাজ্যিক বীজ প্ৰমাণীকৰণ অধিকৰণ সংস্থাৰ নিৰ্দেশনা অনুযায়ী উন্নত মানবিশিষ্ট বীজ উত্পাদন কৰিবৰ বাবে অসম ৰাজ্যিক বীজ প্ৰমাণীকৰণ অধিকৰণ সংস্থাত পঞ্জীভূত কৰে।